Skip to main content

শৈশৱ......

                                                                                                                

শিশুবোৰৰ লগত এনেয়ে কেতিয়াবা বাৰে ভচহু কথাবোৰ পাতি ভাল লাগে।সিহঁতৰ নিষ্পাপ আৰু হাঁহি ভৰা মুখবোৰ দেখিলে মনটো শৈশৱলৈ উৰা মাৰে......।



দদাইদেউৰ নাতিনীজনী আহিছিল আজি।এইবাৰ স্কুলত দিছে।পুঠাদেউৱেকৰ ঘৰলৈ আহিলে  দিনটোত দুই -তিনিবাৰমান মোৰ ওচৰলৈ আহে।বৰ ভাল পায় মোক।তাই আহিলে মইয়ো বৰ ভাল পাওঁ ।তাইৰ সেই সৰু মুখখনেৰে অনৰ্গল কৈ যোৱা বাৰে-বিংকৰা কথাবোৰ শুনি বৰ ৰস পাওঁ ।ইমান কম বয়সতে তাইৰ মুখত বহু শব্দৰ স্পষ্ট আৰু সঠিক উচ্চাৰণ।আজিও মোৰ ওচৰলৈ আহিয়েই তাই কথাৰ পাতনি মেলিলে-"অ' নিচা,ডাৱৰবোৰ ক'লৈ গৈছে ইমান ওপৰেদি?"



পিছফালৰ চোতালতে বহি ফোনটোক লৈ ব্যস্ত থকা মই ফোনটো একাষৰীয়া কৰি থৈ ক'লো-"গধূলি নামিবৰ হ'ল যে,সেইকাৰণে ডাৱৰবোৰ ঘৰলৈ উভতি গৈছে।"

 : সিহঁতৰ ঘৰনো ক'ত আছে?আৰু গধূলিটো ক'ৰ পৰা নামিব?

 উত্তৰ বিচাৰি নাপাই কথা সলাবলৈকে সুধিলো-"তোমাৰ পিছে বয়স কিমান হৈছে জানানে?"

একমুহূতও ৰৈ নাথাকি তাইৰ উত্তৰ-"চাৰি বছৰ পূৰ হৈ দুবছৰ চলি আছে"।

মুখখন হাতেৰে ঢাকি তাই নেদেখাকৈয়ে সৰুকৈ হাঁহি এটা মাৰি আকৌ সুধিলো -"তুমি ৰাইম এটা গাব পাৰিবা ?"

:উমম,পাৰিম-বুলি কৈ তাই গোৱাৰ আগতে অৰ্থ ভাঙনি কৰাত লাগিল....

:জ'নি নামৰ ল'ৰা এটা আছিল মানে,সি এদিন চেনী চুৰ কৰি খাইছিলে।মাক মানে ঘৰত নাছিলে,বোকা(ভুঁই)ৰুব গৈছিলে।বাপেকে মানে ধৰা পেলাই তাক সুধিছে.........।



তাইৰ অৰ্থ ভাঙনি কৰি শেষ হোৱাৰ পাছত এবাৰ ওপৰলৈ চালে।কিবা এটা যেন মনলৈ আহিল।বহি থকা চকীখনৰ পৰা নামি আহি এইবাৰ মোৰ কোলাত বহিলহি।



:জোনবাইজনী ৰাতি  নুশুৱে নেকি নিচা?



তাইৰ প্ৰশ্নটো শুনি আকাশখনলৈ চালো।সন্ধিয়া নামিবৰ হৈছে।আকাশৰ একোণত কাঁচিজোনটোৱে দেখা দিছে।

:উহু,নুশুৱে..

মই মূৰ জোকাৰি উত্তৰ দিলো।

বৰ কিবা ৰস পোৱাৰ দৰে তাই খিলখিলাই হাঁহি উঠিল।কোনোমতেহে যেন হাঁহিটো ৰাখিব পাৰিছে,তেনে ভাবত তাই ক'লে-"আমাৰ মাই একো নেজানে ..জোনবাইজনীক বেজি এটা খুজি থাকে...."তাই আকৌ খিলখিলাই হাঁহি উঠিল।

কৰ'বাৰ পৰা চৰাই এটাই পাখি কোবাই মূৰৰ ওপৰৰে উৰি যোৱা দেখি তাই চিঞৰি উঠিল-"সেইজনী চৰাই জোনবাইৰ ওচৰলৈ গৈছে।আমিও যাম কাইলৈ তাইৰ পিঠিত উঠি দেই নিছা।এনাইহঁতৰ কুকুৰা এজনী লৈ যাম মাংস খাবলৈ।"



মই হাঁহি এটাৰে মূৰ জোকাৰি সন্মতি জনালো।

কোলাৰ পৰা নামি গৈ তাই হঠাতে মুখেৰে শব্দ কৰি অংগী-ভংগীৰে গগণা বজাবলৈ আৰম্ভ কৰিলে।মাজে মাজে গান-"কু-কু কুলিয়ে  বিনালে"ৰ পৰা আৰম্ভ কৰি অলেখ জোৰা-টাপলি মাৰি "মাছলৈ গৈছিলোং"ত শেষ।

ইতিমধ্যে সন্ধ্যা ভালকৈয়ে নামিব ধৰা দেখি "মই যাওঁ দেই নিচা"বুলি কৈ তাই দৌৰি গৈ  দদাইদেউৰ ঘৰ সোমালগৈ।



তাইৰ লগত কটোৱা সেই সময়খিনিয়ে মোৰ মনলৈ স্মৃতিৰ জোৱাৰ নমাই আনিলে।ক্ৰমাৎ উজ্জল হৈ আহিব ধৰা জোনটোৰ দৰে স্মৃতিবোৰো উজ্জল হৈ আহিব ধৰিলে।চোতালৰ একাষে এখন বাঁহৰ চাং,তাতে গধূলি পৰত মই আৰু দেউতা আকাশলৈ মুখ কৰি শুই পৰো।দেউতাৰ হাতত এখন বিচনী।কেতিয়াবা মই আকাশৰ তৰাবোৰ গণি থাকো,কেতিয়াবা সাধু কব'লৈ দেউতাক খাটনি ধৰো।দেউতাইও মাত্ৰ দুটাই সাধু কয়-এটা হাদৈ আৰু মাদৈ,আনটো বুধিয়ক শিয়াল।মাজে মাজে কৃত্ৰিম উপগ্ৰহবোৰ ঢিমিক- ঢামাককৈ ওপৰৰে গৈ থকা দেখিলে সেইখন ৰকেট বুলি জাপ মাৰি উঠো(হাইস্কুল নোপোৱালৈকে সেইখন ৰকেট বুলিয়েই জানি আছিলো)।সাধু শেষ হোৱাৰ পাছত চাকিৰ পোহৰত উৰাই- ঘূৰাই

চিঞৰি চিঞৰি  টোপনি নহালৈকে 'মাতৃভাষা'পঢ়ো।অলপ আগতে বাহিৰত দেখি অহা জোনটোকলৈ লিখা কবিতা পঢ়ো-"জোনৰ পিঠিত বহি আমি বনভোজ খাম,জিকমিক তৰাবোৰ ওচৰতে পাম"।

'ৰকেটত উঠি জোনৰ বুকুলৈ'যোৱাৰ স্বপ্নত আমাৰ শৈশৱৰ ৰাতিবোৰ মধুৰ হৈ উঠিছিল।ৰাতিপুৱা  শুই উঠি অলপ পঢ়াৰ পাছত খোৱা-বোৱা কৰি সাজু হৈ স্কুল,স্কুলত বিৰতিৰ সময়খিনিত 'পাৰ-পানী' খেলা নাইবা বিনিময় কাৰ্য-এডাল পেঞ্চিলৰ সলনি দুটা মধুৰিআম,তিনিটা শিলিখাৰ সলনি এটা মিৰিকা..।   স্কুলৰ পৰা আহি কাপোৰকেইটা সলায়েই মাৰ্বল খেলা।খেলাৰ মাজতে দবৰা-দবৰি,তাৰ পাছত পিঠিত মাৰ এচাৰিৰ কোব,মাৰ্বল নেখেলিবলৈ মাৰ সাৱধানবাণী,অন্যথা  আকৌ এচাৰিৰ কোব। মাৰ সাৱধানবাণী পাহৰি অথবা লুকাই -লুকাই আকৌ মাৰ্বল ...অলপ আগতে দবৰা-দবৰি লগাটোৰ লগতেই আকৌ মিতিৰালি...।বিদ্যুৎ কেতিয়া আহিল নাজানো,গাঁৱখনৰ এমূৰে থকা খুৰাৰ ঘৰত এটা টিভি।সকলোৱে একেলগে বহি 'হাতিম' চাওঁ । তাৰ কিছুদিনৰ পাছত গাঁৱৰ বহুতৰে ঘৰত বিনামূলীয়াকৈ চৰকাৰীভাৱে বিদ্যুৎ সংযোগ...।লাহে লাহে ৰঙীন  টিভি,তাৰপাছত কীপেড ফোনবোৰ আৰু শেষত স্মাৰ্টফোনবোৰে গাঁওখন ছানি ধৰিলে;লগতে গাঁৱৰ মানুহবোৰৰ  মনবোৰো।এতিয়া  সকলো কেৱল  নিজক লৈ ব্যস্ত,ল'ৰাই মাৰ্বল খেলাৰ সলনি গোটেই আজৰি সময়খিনি কাৰ্টুন চাই কটায়।সমনীয়া এজনে আনজনৰ খবৰ নাৰাখে।গাঁৱৰে এজন ল'ৰাই আনজনক চিনি নাপায়।সকলোৰে প্ৰিয় বন্ধু এতিয়া স্মাৰ্টফোন ।সকলো সলনি হ'ল।আমাৰ  স্মৃতিবোৰ এতিয়া  সাধুকথা হ'ল।এতিয়া  সপোনতে কেতিয়াবা  হেৰুৱা শৈশৱ বিছাৰি ধৰফৰাই উঠো...😢

#Childhood,#Memories,#Alittlegirl,

Popular posts from this blog

মহাবীৰ অৰ্জুনৰ সাতটা নাম আৰু এই নামসমূহ প্ৰাপ্তিৰ কাৰণ-

মহাবীৰ অৰ্জুনৰ সাতটা নাম আৰু এই নামসমূহ প্ৰাপ্তিৰ কাৰণ-                                                    Image source:  https://commons.wikimedia.org/                                                                               Link                                 ১৷দুয়োহাতেৰে সমানে অস্ত্ৰচালনা কৰিব পাৰে বাবে -সব্যসাচী   ২৷নিদ্ৰাক জয় কৰিব পাৰে-গুড়াকেশ   ৩৷সদায় শুভ কামৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে -  অৰ্জুন   ৪৷দুধৰ্ষ বীৰ পুৰুষ হোৱাৰ বাবে-জিষ্ণু   ৫৷গাৰ বৰণ পাতল নীলা হোৱাৰ বাবে-কৃষ্ণ   ৬৷ কুন্তীৰ  পুত্ৰ বাবে-কৌন্তেয়...

ভাৰত বুৰঞ্জীৰ উল্লেখনীয় যুদ্ধসমূহ আৰু সময়

ভাৰত বুৰঞ্জীৰ উল্লেখনীয় যুদ্ধসমূহ আৰু সময়                                       Credit: Pixabay.com 1. হাইডাছপেজৰ যুদ্ধ -৩২৬ খ্ৰী:পূ: (গ্ৰীক বীৰ আলেকজেণ্ডাৰে পুৰুক পৰাস্ত কৰিছিল।) 2. কলিংগৰ যুদ্ধ -২৬১ খ্ৰী:পূ: (সম্ৰাট অশোকে কলিংগৰ ৰজাক পৰাস্ত কৰিছিল) 3. তৰাইনৰ প্ৰথম যুদ্ধ -১১৯১ খ্ৰীষ্টাব্দ (পৃথ্বীৰাজ চৌহানে মহম্মদ ঘোৰীক পৰাস্ত কৰিছিল) 4. তৰাইনৰ দ্বিতীয় যুদ্ধ -১১৯২ খ্ৰীষ্টাব্দ (মহম্মদ ঘোৰীয়ে পৃথ্বিৰাজ চৌহানক পৰাস্ত কৰিছিল।) 5. পাণিপথৰ প্ৰথম যুদ্ধ -১৫২৬  খ্ৰীষ্টাব্দ ( বাবৰে ইব্ৰাহিম লোডীক পৰাস্ত কৰে আৰু ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে।) 6. চৌচাৰ যুদ্ধ -১৫৩৯ খ্ৰীষ্টাব্দ (ছেৰশ্বাহে মোগল শাসক হুমায়ুনক পৰাস্ত কৰিছিল) 7 . পাণিপথৰ দ্বিতীয় যুদ্ধ -১৫৫৬ খ্ৰীষ্টাব্দ (আকবৰৰ মন্ত্ৰী বৈৰাম খাঁই মহম্মদ শ্বাহ আদিলৰ মন্ত্ৰী হিমুক পৰাস্ত কৰে) 8. টালিকোটৰ যুদ্ধ -১৫৬৫ খ্ৰীষ্টাব্দ (গোলকুণ্ডা,আহমদনগৰ আৰু বিজাপুৰৰ মিত্ৰশক্তিয়ে বিজয়নগৰৰ শাসক সদাশিৱ ৰায়ৰ ক্ষমতাশ...

কিছু বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ

কিছু বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ Source:Pexels.com link 1)ডিছক'ভাৰি অৱ ইণ্ডিয়া-জৱাহৰলাল নেহৰু 2)ডাছ কেপিটেল-কাৰ্ল মাক্স 3)গীতাঞ্জলী-ৰবীন্দ্ৰনাথ ঠাকুৰ 4)এ ছুইটেবল বয়-বিক্ৰম শেঠ 5)ৰবিনছন ক্ৰুছো-ডেনিয়েল ডিফো 6)এ টেল অৱ টু চিটিজ-চাৰ্লছ ডিকেনছ্ 7)অৰ্থশাস্ত্ৰ-কৌটিল্য 8)ডিভাইন কমেডী-এ. ডাণ্টে 9)গোডান-মুঞ্চি প্ৰেমচান্দ 10)গালিভাৰছ্ ট্ৰেভেলছ-জনাথন ছুইফট 11)হেমলেট-উইলিয়াম ছেক্সপিয়েৰ 12)ইণ্ডিয়া2020:এ ভিজন ফৰ দি নিউ মিলেনিয়াম-ড৹ এ পি জে আব্দুল কালাম 13)জংগল বুক-ৰুদিয়াৰ্ড কিপলিং 14)জুৰাছিক পাৰ্ক-মাইকেল ক্ৰিকটন 15)মেঘদূত-কালিদাস 16)লজ্জা-তছলিমা নাছৰীণ 17)মেকবেথ-উইলিয়াম ছেক্সপিয়েৰ 18)মহাবাৰত-মহৰ্ষি ব্যাস 19)ৰামায়ণ-মহৰ্ষি বাল্মিকী 20)মাডাৰ-মেক্সিম গৰ্কী 21)ৱাৰ এণ্ড পীচ-লিঅ' টলষ্টয় 22)ৰিপাব্লিক-প্লেটো 23)দি গড অৱ স্মল থিংচ-অৰুন্ধতী ৰয় 24)মোৰ সত্য অন্বেষণৰ কাহিনী(মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ)-মহাত্মা গান্ধী 25)অন দা অৰিজিন অৱ স্পেচিছ-চাৰ্লছ ডাৰউইন 26)ৱেলথ অৱ নেচন-আডাম স্মিথ 27)দি মংক হু ছ'ল্ড হিজ ফেৰাৰী-ৰবিন শৰ্মা 28)অথেল'-উইলিয়াম ছেক্সপিয়েৰ 29)ড্ৰীম...

ভাৰতৰ মুখ্য নৃত্যসমূহ আৰু প্ৰচলিত অঞ্চল-

ভাৰতৰ মুখ্য নৃত্যসমূহ আৰু প্ৰচলিত অঞ্চল- Source:commons.wikimedia.org Link 1)ভাৰত নাট্যম-তামিলনাডু 2)বিহু-অসম 3)সত্ৰীয়া-অসম 4)ভাংগ্ৰা-পঞ্জাৱ 5)কথক-উত্তৰ ভাৰত 6)কুচিপুৰী-অন্ধ্ৰপ্ৰদেশ 7)মণিপুৰী-মণিপুৰ 8)মোহিনী আত্তম-কেৰালা 9)ওডিচী-উৰিষ্যা 10)গৰৱা-গুজৰাট 11)কথাকলি-কেৰালা 12)হাৰৱালী-উত্তৰাখণ্ড 13)মাণ্ডো-গোৱা 14)ৰাউফ-জম্মু আৰু কাশ্মীৰ 15)নাটি-হিমাচল প্ৰদেশ

এখনি আচৰিত গাওঁ-Kodinhi

এখনি আচৰিত গাওঁ-Kodinhi ৰহস্যময় জগত-3    K odinhi কেৰালা ৰাজ্যৰ মাল্লাপুৰম জিলাত অৱস্হিত এখনি আচৰিত গাওঁ।২০০৮ চনৰ এক হিচাপমতে এই গাওঁখন প্ৰায় দুই হাজাৰ পৰিয়ালৰ বাসভূমি।গাওঁখন Nannambra পঞ্চায়তৰ অন্তৰ্গত।যদিও যমজ শিশুৰ জন্মৰ ক্ষেত্ৰত ভাৰতৰ স্হান বিশ্বৰ ভিতৰতে যথেষ্ট নিম্ন তথাপি এই গাওঁখনত যমজ শিশুৰ জন্মৰ হাৰ বিশ্বৰ ভিতৰতে বেছি।গাওঁখনৰ যেনিয়েই চাই তেনিয়েই আপুনি যমজ শিশুবোৰক দেখিবলৈ পাব।স্হানীয় লোকৰ মতে যমজ শিশুৰ জন্মৰ এই প্ৰক্ৰিয়াটো আজিৰ পৰা প্ৰায় ৬০-৭০ বছৰ আগতে আৰম্ভ হয় আৰু ই আজিও বৰ্তি আছে।  এক তথ্যমতে, সাধাৰণতে বিশ্বত প্ৰতি এক হাজাৰ শিশুৰ বিপৰীতে ছয়টা যমজ শিশুৰ জন্ম হয়।কিন্তু তাৰ বিপৰীতে এই ৰহস্যময় গাওঁখনত প্ৰতি হাজাৰ শিশুৰ বিপৰীতে বিয়াল্লিছটা শিশুৰ জন্ম হয়,যিটো সমগ্ৰ বিশ্বৰ হাৰৰ প্ৰায় সাতশ শতাংশ। বহু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সংস্হা,ব্যক্তিবিশেষে এই ৰহস্যৰ ওপৰত গৱেষণা কৰিছে যদিও কোনেও ইয়াৰ আচল ৰহস্য ভেদ কৰিব পৰা নাই।বহুতে আকৌ এই গাওঁৰ মাটি আৰু পানীত থকা এক বিশেষ ধৰণৰ ৰসায়নৰ সংস্পৰ্শলৈ অহাৰ ফলত গাওঁখনত এই প্ৰক্ৰিয়া নিৰৱধি চলি অহা বুলি মতপোষণ কৰিছে।আটাইতকৈ মজাৰ কথা এ...

How to check installments of Pradhan Mantri Kisan Samman Nidhi(PM-Kisan):govt scheme:6000 rupees

Step1:Click on the link given below-             https://pmkisan.gov.in/ Step2:click on Famers corner menu- Step3: Click on Beneficiary status sub-menu: Step4:Enter the details as your choice(Adhar no or Account no or Mobile number) and click on Get report: A report will be shown as above.You can find about installment details also..

Book review : Sanjeev Sanyal's "The Ocean of Churn:

Book review : Sanjeev Sanyal's book "The Ocean of Churn: How the Indian Ocean Shaped Human History"   INTRODUCTION :   The approach to the study of history has been changing from time to time. Historians and scholars have opinioned the same topic differently by examining from a different perspective. This led to the emergence of various school of historiography like Colonial, Nationalist, Marxist, Subaltern, Annals etc. Various new studies still continues to evolve. Though not new, in recent days an approach to study history from multi disciplinary perspective acquiring momentum. Famous author Sanjeev Sanyal's book " The Ocean of Churn: How the Indian Ocean Shaped Human History " is an detailed exploration of such an approach in which he viewed the human history through the vast influence of Indian Ocean. As the name suggest, Sanyal wrote the book by giving prime focus to the Indian Ocean and narrated how it's existence impacted across the world. His c...