Posts

Showing posts from April, 2020

ভাৰতৰ মুখ্য নৃত্যসমূহ আৰু প্ৰচলিত অঞ্চল-

Image
ভাৰতৰ মুখ্য নৃত্যসমূহ আৰু প্ৰচলিত অঞ্চল- Source:commons.wikimedia.org Link 1)ভাৰত নাট্যম-তামিলনাডু 2)বিহু-অসম 3)সত্ৰীয়া-অসম 4)ভাংগ্ৰা-পঞ্জাৱ 5)কথক-উত্তৰ ভাৰত 6)কুচিপুৰী-অন্ধ্ৰপ্ৰদেশ 7)মণিপুৰী-মণিপুৰ 8)মোহিনী আত্তম-কেৰালা 9)ওডিচী-উৰিষ্যা 10)গৰৱা-গুজৰাট 11)কথাকলি-কেৰালা 12)হাৰৱালী-উত্তৰাখণ্ড 13)মাণ্ডো-গোৱা 14)ৰাউফ-জম্মু আৰু কাশ্মীৰ 15)নাটি-হিমাচল প্ৰদেশ

কিছু বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ

Image
কিছু বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ Source:Pexels.com link 1)ডিছক'ভাৰি অৱ ইণ্ডিয়া-জৱাহৰলাল নেহৰু 2)ডাছ কেপিটেল-কাৰ্ল মাক্স 3)গীতাঞ্জলী-ৰবীন্দ্ৰনাথ ঠাকুৰ 4)এ ছুইটেবল বয়-বিক্ৰম শেঠ 5)ৰবিনছন ক্ৰুছো-ডেনিয়েল ডিফো 6)এ টেল অৱ টু চিটিজ-চাৰ্লছ ডিকেনছ্ 7)অৰ্থশাস্ত্ৰ-কৌটিল্য 8)ডিভাইন কমেডী-এ. ডাণ্টে 9)গোডান-মুঞ্চি প্ৰেমচান্দ 10)গালিভাৰছ্ ট্ৰেভেলছ-জনাথন ছুইফট 11)হেমলেট-উইলিয়াম ছেক্সপিয়েৰ 12)ইণ্ডিয়া2020:এ ভিজন ফৰ দি নিউ মিলেনিয়াম-ড৹ এ পি জে আব্দুল কালাম 13)জংগল বুক-ৰুদিয়াৰ্ড কিপলিং 14)জুৰাছিক পাৰ্ক-মাইকেল ক্ৰিকটন 15)মেঘদূত-কালিদাস 16)লজ্জা-তছলিমা নাছৰীণ 17)মেকবেথ-উইলিয়াম ছেক্সপিয়েৰ 18)মহাবাৰত-মহৰ্ষি ব্যাস 19)ৰামায়ণ-মহৰ্ষি বাল্মিকী 20)মাডাৰ-মেক্সিম গৰ্কী 21)ৱাৰ এণ্ড পীচ-লিঅ' টলষ্টয় 22)ৰিপাব্লিক-প্লেটো 23)দি গড অৱ স্মল থিংচ-অৰুন্ধতী ৰয় 24)মোৰ সত্য অন্বেষণৰ কাহিনী(মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ)-মহাত্মা গান্ধী 25)অন দা অৰিজিন অৱ স্পেচিছ-চাৰ্লছ ডাৰউইন 26)ৱেলথ অৱ নেচন-আডাম স্মিথ 27)দি মংক হু ছ'ল্ড হিজ ফেৰাৰী-ৰবিন শৰ্মা 28)অথেল'-উইলিয়াম ছেক্সপিয়েৰ 29)ড্ৰীম...

How to check installments of Pradhan Mantri Kisan Samman Nidhi(PM-Kisan):govt scheme:6000 rupees

Image
Step1:Click on the link given below-             https://pmkisan.gov.in/ Step2:click on Famers corner menu- Step3: Click on Beneficiary status sub-menu: Step4:Enter the details as your choice(Adhar no or Account no or Mobile number) and click on Get report: A report will be shown as above.You can find about installment details also..

ভাৰত বুৰঞ্জীৰ উল্লেখনীয় যুদ্ধসমূহ আৰু সময়

Image
ভাৰত বুৰঞ্জীৰ উল্লেখনীয় যুদ্ধসমূহ আৰু সময়                                       Credit: Pixabay.com 1. হাইডাছপেজৰ যুদ্ধ -৩২৬ খ্ৰী:পূ: (গ্ৰীক বীৰ আলেকজেণ্ডাৰে পুৰুক পৰাস্ত কৰিছিল।) 2. কলিংগৰ যুদ্ধ -২৬১ খ্ৰী:পূ: (সম্ৰাট অশোকে কলিংগৰ ৰজাক পৰাস্ত কৰিছিল) 3. তৰাইনৰ প্ৰথম যুদ্ধ -১১৯১ খ্ৰীষ্টাব্দ (পৃথ্বীৰাজ চৌহানে মহম্মদ ঘোৰীক পৰাস্ত কৰিছিল) 4. তৰাইনৰ দ্বিতীয় যুদ্ধ -১১৯২ খ্ৰীষ্টাব্দ (মহম্মদ ঘোৰীয়ে পৃথ্বিৰাজ চৌহানক পৰাস্ত কৰিছিল।) 5. পাণিপথৰ প্ৰথম যুদ্ধ -১৫২৬  খ্ৰীষ্টাব্দ ( বাবৰে ইব্ৰাহিম লোডীক পৰাস্ত কৰে আৰু ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে।) 6. চৌচাৰ যুদ্ধ -১৫৩৯ খ্ৰীষ্টাব্দ (ছেৰশ্বাহে মোগল শাসক হুমায়ুনক পৰাস্ত কৰিছিল) 7 . পাণিপথৰ দ্বিতীয় যুদ্ধ -১৫৫৬ খ্ৰীষ্টাব্দ (আকবৰৰ মন্ত্ৰী বৈৰাম খাঁই মহম্মদ শ্বাহ আদিলৰ মন্ত্ৰী হিমুক পৰাস্ত কৰে) 8. টালিকোটৰ যুদ্ধ -১৫৬৫ খ্ৰীষ্টাব্দ (গোলকুণ্ডা,আহমদনগৰ আৰু বিজাপুৰৰ মিত্ৰশক্তিয়ে বিজয়নগৰৰ শাসক সদাশিৱ ৰায়ৰ ক্ষমতাশ...

মহাবীৰ অৰ্জুনৰ সাতটা নাম আৰু এই নামসমূহ প্ৰাপ্তিৰ কাৰণ-

Image
মহাবীৰ অৰ্জুনৰ সাতটা নাম আৰু এই নামসমূহ প্ৰাপ্তিৰ কাৰণ-                                                    Image source:  https://commons.wikimedia.org/                                                                               Link                                 ১৷দুয়োহাতেৰে সমানে অস্ত্ৰচালনা কৰিব পাৰে বাবে -সব্যসাচী   ২৷নিদ্ৰাক জয় কৰিব পাৰে-গুড়াকেশ   ৩৷সদায় শুভ কামৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে -  অৰ্জুন   ৪৷দুধৰ্ষ বীৰ পুৰুষ হোৱাৰ বাবে-জিষ্ণু   ৫৷গাৰ বৰণ পাতল নীলা হোৱাৰ বাবে-কৃষ্ণ   ৬৷ কুন্তীৰ  পুত্ৰ বাবে-কৌন্তেয়...

এখনি আচৰিত গাওঁ-Kodinhi

Image
এখনি আচৰিত গাওঁ-Kodinhi ৰহস্যময় জগত-3    K odinhi কেৰালা ৰাজ্যৰ মাল্লাপুৰম জিলাত অৱস্হিত এখনি আচৰিত গাওঁ।২০০৮ চনৰ এক হিচাপমতে এই গাওঁখন প্ৰায় দুই হাজাৰ পৰিয়ালৰ বাসভূমি।গাওঁখন Nannambra পঞ্চায়তৰ অন্তৰ্গত।যদিও যমজ শিশুৰ জন্মৰ ক্ষেত্ৰত ভাৰতৰ স্হান বিশ্বৰ ভিতৰতে যথেষ্ট নিম্ন তথাপি এই গাওঁখনত যমজ শিশুৰ জন্মৰ হাৰ বিশ্বৰ ভিতৰতে বেছি।গাওঁখনৰ যেনিয়েই চাই তেনিয়েই আপুনি যমজ শিশুবোৰক দেখিবলৈ পাব।স্হানীয় লোকৰ মতে যমজ শিশুৰ জন্মৰ এই প্ৰক্ৰিয়াটো আজিৰ পৰা প্ৰায় ৬০-৭০ বছৰ আগতে আৰম্ভ হয় আৰু ই আজিও বৰ্তি আছে।  এক তথ্যমতে, সাধাৰণতে বিশ্বত প্ৰতি এক হাজাৰ শিশুৰ বিপৰীতে ছয়টা যমজ শিশুৰ জন্ম হয়।কিন্তু তাৰ বিপৰীতে এই ৰহস্যময় গাওঁখনত প্ৰতি হাজাৰ শিশুৰ বিপৰীতে বিয়াল্লিছটা শিশুৰ জন্ম হয়,যিটো সমগ্ৰ বিশ্বৰ হাৰৰ প্ৰায় সাতশ শতাংশ। বহু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সংস্হা,ব্যক্তিবিশেষে এই ৰহস্যৰ ওপৰত গৱেষণা কৰিছে যদিও কোনেও ইয়াৰ আচল ৰহস্য ভেদ কৰিব পৰা নাই।বহুতে আকৌ এই গাওঁৰ মাটি আৰু পানীত থকা এক বিশেষ ধৰণৰ ৰসায়নৰ সংস্পৰ্শলৈ অহাৰ ফলত গাওঁখনত এই প্ৰক্ৰিয়া নিৰৱধি চলি অহা বুলি মতপোষণ কৰিছে।আটাইতকৈ মজাৰ কথা এ...

এছিয়াৰ আটাইতকৈ ভয়ংকৰ ঠাই-ভানগঢ় দুৰ্গ

Image
  এছিয়াৰ আটাইতকৈ ভয়ংকৰ ঠাই-ভানগঢ় দুৰ্গ Source:wikimedia Source link ৰহস্যময় জগত-3 দু ৰ্গৰ প্ৰবেশদ্বাৰৰ মুখতে দেখা পোৱা যায় ভাৰতীয় পুৰাতত্ব বিভাগৰ দ্বাৰা জাৰী কৰা  পকী নিৰ্মিত হিন্দীত লিপিবদ্ধ এখনি জাননী,যাৰ অসমীয়া অৰ্থ চমুকৈ এনেধৰণৰ-"সূৰ্যাস্তৰ পাছত আৰু সূৰ্যোদয়ৰ পূৰ্বে এই দুৰ্গত প্ৰৱেশ কৰা নিষেধ।নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্হা লোৱা হ'ব।"এইয়ে ভানগঢ় দুৰ্গ,যি ভূতৰ বাসস্হান বুলি পৰিচিত।কোনো কোনোৱে ইয়াক পৃথিৱীৰ আটাইতকৈ ৰহস্যময় আৰু ভূতীয়া ঠাইবোৰৰ মাজত ঠাই দিব খোজে।আন একাংশই আকৌ এছিয়াৰ আটাইতকৈ ভূতীয়া ঠাইবোৰৰ মাজত ইয়াক প্ৰথমস্হানত ৰাখিছে।              ভানগঢ় দুৰ্গ ৰাজস্হানৰ আলৱাৰ জিলাত অৱস্হিত। ১৫৭৩ খ্ৰীষ্টাব্দত অম্বৰ(জয়পুৰ)ৰ ৰাজপুত ৰজা ভগৱন্ত দাসে ইয়াৰ নিৰ্মাণ কৰাইছিল তেওঁৰ সৰু পুত্ৰ মাধৌ সিঙৰ বাসস্হান হিচাপে।মাধৌ সিং মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ বিখ্যাত নৱৰত্নৰ মাজৰ এজন তথা সেনাপতি মান সিঙৰ ভাতৃ আছিল।বৰ্তমান এই দুৰ্গৰ ৰক্ষণাবেক্ষণ আৰু চোৱা-চিতাৰ দায়িত্বত আছে ভাৰতীয় পুৰাতত্ব বিভাগ আৰু এই বিভাগৰ দ্বাৰাই ওপৰত উল্লেখিত জাননীখন ...

ৰাজস্হানৰ ভূতীয়া গাওঁ-কুলধৰা

Image
Photo source:wikimedia Source link ৰাজস্হানৰ ভূতীয়া গাওঁ-কুলধৰা ৰহস্যময় জগত-২ যে নিয়েই চাই তেনিয়েই দেখা পাব ভগ্নাৱশেষ।ভঙা-ছিঙা ঘৰ-দুৱাৰ,দেৱাল আদিৰ ভগ্নাৱশেষে আপোনাকো ভাবিবলৈ বাধ্য কৰিব একালৰ সমৃদ্ধিশালী গাওঁখনৰ কথা..।কুলধৰা,ৰাজস্হানৰ জয়ছালমেৰ চহৰৰ পৰা মাত্ৰ সোতৰ কিলোমিটাৰ দূৰৈত অৱস্হিত এখনি পৰিত্যক্ত গাওঁ।গাওঁখনৰ অ'ত-ত'ত সিচৰিঁত হৈ পৰি থকা ভগ্নাৱশেষ,অক্ষত অৱস্হাত থকা কিছু ঘৰ আদি দেখিলে আপুনিও অনুভৱ কৰিব পাৰিব গাওঁখনত পূৰ্বতে বিৰাজ কৰা এক উন্নত সভ্যতাৰ কথা।             কিন্তু কি কাৰণত আজি এনেদৰে পৰিত্যক্ত হৈ থাকিবলগা হৈছে এই ৰহস্যময় গাওঁখন?ইয়াকে লৈ শ শ বছৰ ধৰি বিভিন্ন ৰহস্যময় জনশ্ৰুতি প্ৰচলিত হৈ আহিছে।স্হানীয় অধিবাসীসকলৰ মতে আজিৰ পৰা প্ৰায় তিনিশ বছৰ আগতে অন্যান্য গাওঁৰ দৰেই কুলধৰাতো মানুহে এক সুন্দৰ জীৱন-যাপন কৰিছিল।কিন্তু সেই সুখী জীৱন জীয়া মানুহবোৰৰ কপালত লিখা আছিল আন এক দুখৰ জীৱন।সেই সময়ত প্ৰায় পোন্ধৰশ পালিৱাল ব্ৰাক্ষ্মণ পৰিয়ালে জয়ছালমেৰ ৰাজ্যৰ ভিতৰুৱা কুলধৰাৰ এই অঞ্চলটোত বসবাস কৰিছিল।এই গাওঁৰ মূৰব্বীৰ এগৰাকী দিপলিপ সুন্দৰী জীয়াৰী আছিল।কিন্...

পৱনতৃষ্ণা

Image
পৱনতৃষ্ণা প্ৰেম যে সকলোতে থাকে প্ৰেমৰ ৰাগিতেই এই পৃথিৱী ঘূৰে সঁচা প্ৰেমত সন্দেহে বাটোৱালী মেলে.. তেনেকৈ নক'বা অ' বন্ধু, তাই তেনে একো নকৰে । সঁচা মৰম বুটলা ছোৱালীজনীয়ে টকাৰে প্ৰেমৰ বিনিময় কৰিব নোৱাৰে । এৰা বন্ধু,ঠিকেই আছিলা তুমি মইহে আছিলো ভুৱা প্ৰেমৰ ৰাগিত বন্দী টকাৰ সমুখত বিশ্বাস নৰজিল মাতমৰাৰ গৰাৰ দৰে মৰমবোৰ খহিল, বৰলুইতৰ বুকুতে সকলো উটিল.. তাইৰ বিশ্বাসঘাতকতাৰ ৰক্তবোমাই নিশ্চল কৰি তোলে মোৰ পিয়াঁজীমান কলিজাৰ প্ৰতিডাল সিৰা.. কৰ্ণকুহৰত ঘূৰি থাকে তাইৰ ওঁঠৰ মাথো এটি উশাহ "আমি দুয়ো সাতোজনমৰ প্ৰেমী".... ।

চাৰিকড়ীয়া

Image
                                            চাৰিকড়ীয়া                       ৰূপোৱালী  জখলায়েদি নামি আহে মোৰ জোনাকী বালিচৰলৈ সুগন্ধি বতাহৰ গান... জোনাকী ঔদাসীন্যতাত মোৰ অন্বনৃ জুৰি বৈ যায় চন্দাননী  বিষাদ... মোৰ নিয়ৰাসিক্ত সেউজী পাৰত উদ্ভিন্ন প্ৰভাতী অৰুণৰ কাঞ্চনী বেহা প্ৰমুদিত কামচৰাইৰ কূজন আৰু কোনো প্ৰতাপী গৰাকীৰ  কইঁটাবিদ্ধ ম'হ-পোৱালিৰ বিফল আস্ফালন.. দুপৰৰ নিজানত ভাহি আহে মোৰ পাৰৰে কদমত বহি বজোৱা কোনোবা মিছিং ডেকাৰ কৰুণ বাঁহীৰ সুৰ... কনেংহতৰ খামুচীয়া ককাঁলৰ ভাঁজত প্ৰকাশিত হয় গুমৰাগ চঃমানৰ লয়লাস...

মায়া

Image
মায়া                         জোন গলা ৰাতিবোৰত তৰা বছা চেলেংহেন আকাশ এবাৰ গাত লৈ চাবৰ মন কিমান যে ধুনীয়া! মইনাই তৰা গণে চোতালৰ এচুকৰ বাহঁৰ চাঙতবহি পিতাইয়ে কয় হাদৈ-মাদৈৰ সাধুকথা.... জাৰণিত জিলিৰ চিঞৰ আন্ধাৰ খেদি খেদি শুই পৰে এটা জোনাকী পৰুৱা... অমাৱস্যাৰ আন্ধাৰত শব্দবোৰে বাট হেৰুৱাই উচুপি উঠে ৰৈ ৰৈ বিনাই তেজীমলা পাখি কোবাই উৰি যায় নিয়তি চৰাই.... শৃগালৰ ৰাৱে ভাঙে নিশাৰ নীৰৱতা চক খাই কান্দি উঠে কোনোবা সদ্যোজাত.... ৰূপহী জোনে ডাৱৰত মুখ লুকুৱাই হাহেঁ সেই হাহিঁত ত্ৰিভুৱন ভুলে.... আন্ধাৰ আৰু জোনাকতে কৰি আছো জীৱনৰ হিচাপ নিকাছ... ভুলবোৰৰচোন জাপৰ উপৰি জাপ সঠিকবোৰৰচোন  মাত্ৰ এটা কি দুটাহে জাপ!                      

ধৰ্মনো বোলে কাক?

               ধৰ্মনো বোলে কাক?                                  সপোনতে সুধিলো তাক ধৰ্মনো বোলে কাক? গিলি থৈ হাঁহিৰ এটি জাক সি ক'লে,"ধৰ্মই বোলে সকলো মিলি থাক্" । ধৰ্মৰ পিছে কোন দিশে বাট পায়গৈ নেকি এই বাটেৰে জীৱন নদীৰ ঘাট? অহিংসাৰ পালনেই ধৰ্মৰ বাট সততাৰেই পাবগৈ পাৰি জীৱন নদীৰ ঘাট ... ধৰ্মৰ আছে নেকি কিবা ৰং? তাৰ মুখত দেখিলো বিশেষ এটি ঢং। (হয়তো মোৰ  প্ৰশ্নটোৱেই......!) উম্,ধৰ্মৰ আছে বগা ৰং তাতে মিলি থাকে ৰামধেনুৰ সাতো ৰং বিচাৰি নাপায় মানৱে প্ৰকৃত ৰহণ সেয়ে নিজৰ মাজতে বিচাৰ  কৰে বৰণ কৰি থাকে ৰণ মৰি থাকে অগণন ... তাৰ মানে ধৰ্মই পোতে নেকি বিভেদৰ খুঁটি? ওঁহো,ধৰ্মই বোৱাই মিলনৰ সুঁতি ধৰিব নোৱাৰি ইয়াৰ গতি অগিয়ানী মানৱ গুচি যায় উটি... পিছে আমি পিন্ধো শংকৰ-আজানৰ চোলা আই অসমীৰ বুকুত বহি থাকে সম্প্ৰীতিৰ মেলা (তাচ্ছিল্যৰ হাঁহিৰে সি ক'লে-) পিছে তাতেই দেখোন এতিয়া সংকটৰ বেলা সকলোতে খেলিছে তেজৰ ফাকু খেলা... ...

মাঝি:পাহাৰৰ কঠিন বুকুত প্ৰেমৰ বাট কটা দুৰন্ত প্ৰেমিক

Image
 মাঝি:পাহাৰৰ কঠিন বুকুত প্ৰেমৰ বাট কটা দুৰন্ত প্ৰেমিক     মানুহজন খুবেই সহজ-সৰল।নাম তেওঁৰ দশৰথ মাঝি।"গেহলুৰ" নামৰ সৰু গাওঁখনিৰ সৰহসংখ্যক লোকৰ দৰে মাঝিও এজন বনুৱা ,হাড় ভঙা পৰিশ্ৰমেৰে দুবেলা দুমুঠিৰ যোগাৰ কৰা ধন-মাটি-সম্পত্তিবিহীন বনুৱা ।তেওঁৰ গাওঁখন আৰু কৰ্মস্হলীৰ মাজত এটা মধ্যমীয়া উচ্চতাৰ পাহাৰ।ৰাতিপুৱাই তেওঁ পাহাৰ বগাই সিটোপাৰলৈ যায় আৰু গোটেই দিনটো জমিদাৰৰ বাবে কাম কৰি সামান্যতম উপাৰ্জন কৰে।    কামৰ মাজতে তেওঁক এগৰাকী সুগঢ়ী মহিলাই খোৱাৰ যোগান ধৰে। মহিলাগৰাকী তেওঁৰ পত্নী,ফাল্গুনী দেৱী।গাঁৱৰ সকলোৰে মৰমৰ, কৰ্মঠ মহিলা  ফাল্গু।বেলি মূৰত উঠাৰ সময়তে ফাল্গুনীয়েও গিৰিয়েকৰ দৰেই পাহাৰ বগাই গিৰিয়েকৰ কামৰ ঠাইলৈ আহে আৰু ইতিমধ্যেই শিল ভাঙি ভোকাতুৰ হৈ পৰা গিৰিয়েকৰ মুখৰ সমুখত সামান্য কিবা অকণমান খোৱাবস্তু দাঙি ধৰি অপাৰ আনন্দ লভে।গিৰিয়েকেও ঘৈণীয়েকৰ হাতৰ সেই অলপমান খাবলৈ পালেই সন্তুষ্ট হয়।গেহলুৰৰ ৰ'দে পুৰা পাহাৰৰ এদাঁতিত বহি দুয়ো দুয়োৰে মুখলৈ চায়।দুয়োখনি ঘৰ্মাক্ত মুখত বিয়পি পৰে সুখৰ একোটি হাঁহি । পিছে সিদিনা ফাল্গুনী আন দিনাৰ দৰে গিৰিয়েকৰ বাবে আহাৰ লৈ নাহিল।ভোকাত...

শৈশৱ......

Image
                                                                                                                 শিশুবোৰৰ লগত এনেয়ে কেতিয়াবা বাৰে ভচহু কথাবোৰ পাতি ভাল লাগে।সিহঁতৰ নিষ্পাপ আৰু হাঁহি ভৰা মুখবোৰ দেখিলে মনটো শৈশৱলৈ উৰা মাৰে......। দদাইদেউৰ নাতিনীজনী আহিছিল আজি।এইবাৰ স্কুলত দিছে।পুঠাদেউৱেকৰ ঘৰলৈ আহিলে  দিনটোত দুই -তিনিবাৰমান মোৰ ওচৰলৈ আহে।বৰ ভাল পায় মোক।তাই আহিলে মইয়ো বৰ ভাল পাওঁ ।তাইৰ সেই সৰু মুখখনেৰে অনৰ্গল কৈ যোৱা বাৰে-বিংকৰা কথাবোৰ শুনি বৰ ৰস পাওঁ ।ইমান কম বয়সতে তাইৰ মুখত বহু শব্দৰ স্পষ্ট আৰু সঠিক উচ্চাৰণ।আজিও মোৰ ওচৰলৈ আহিয়েই তাই কথাৰ পাতনি মেলিলে-"অ' নিচা,ডাৱৰবোৰ ক'লৈ গৈছে ইমান ওপৰেদি?" পিছফালৰ চোতালতে বহি ফোনটোক লৈ ব্যস্ত থকা মই ফোনটো একাষৰীয়া কৰি থৈ ক'লো-"গধূলি নামিবৰ হ...

শ্ৰীশ্ৰীপদ্মনাভস্বামীৰ মন্দিৰ:বন্ধ দুৱাৰৰ সিপাৰৰ ৰহস্য

                                                                                                                                      আমাৰ এই পৃথিৱীখন নানা ৰহস্যৰে পৰিপূৰ্ণ । অকল্পনীয় ৰহস্যময় ঘটনাবোৰে আমাক সততে ৰোমাঞ্চিত কৰি তোলে।আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰ এনে চৰম সময়তো প্ৰকৃতিত বহু ঘটনা আজিও ৰহস্য হৈয়ে আছে।বিজ্ঞানেও এই ঘটনাবোৰৰ সঠিক আৰু বিশ্বাসযোগ্য মতবাদ আগবঢ়াব পৰা নাই।তেনে কিছু ৰহস্যময় ঘটনাক লৈয়েই আৰম্ভ কৰিছো এক নতুন চিৰিজ " *ৰহস্যময় জগত* "। *ৰহস্যময় জগত-১*               শ্ৰীশ্ৰীপদ্মনাভস্বামীৰ মন্দিৰ:বন্ধ দুৱাৰৰ সিপাৰৰ ৰহস্য পৃথিৱীৰ সবাতোতকৈ চহকী ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম শ্ৰীশ্ৰীপদ্মনাভস্বামীৰ ম...